Psalms 70

প্ৰধান বাদ্যকৰৰ প্রতি:দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত।

1হে ঈশ্বৰ, মোক ৰক্ষা কৰা!
হে যিহোৱা, শিঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
2যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক;
মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
3যিসকলে মোক আহা আহা বোলে;
তেওঁলোকে লাজ পাই উলটি যাওক।

4তোমাক বিচাৰোতাসকল তোমাত আনন্দকৰি উল্লাসিত হওক;

তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতাসকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
কিন্তু মই হলে অভাবগ্রস্ত আৰু দৰিদ্ৰ;
হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আঁহা;
তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা;
হে যিহোৱা, পলম নকৰিবা।
5

Copyright information for AsmULB